শৰৎ অহালৈ বাট চাই

বতাহ-বৰষুণ, পেনপেনীয়া বাট-পথ, উৎকট গৰম, সূৰ্য দেৱতাৰ প্ৰচণ্ড উত্তাপক বিদায় দি টোপ টোপ নিয়ৰৰ কণাই দুবৰি দলিচা তিয়াই শেৱালি সুবাসেৰে মন-প্ৰাণ প্ৰফুল্ল কৰি তোলাৰ সময়তে আহি পালেহি শাৰদীয় উৎসৱ দুৰ্গা পূজা। এতিয়া চৌপাশে কেৱল দুৰ্গা দেৱীক আদৰাৰ ব্যাপক প্ৰস্তুতি। এই মহাআয়োজনত প্ৰকৃতিও সংগ দিছে। কেইদিনমানৰ আগলৈকে প্ৰচণ্ড গৰমে দহি নিয়া অসহনীয় দিনবোৰ লাহে লাহে শাৰদীয় শীতল পৰশে উপভোগ্য কৰি তুলিছে।

এনে এক পৰিৱেশৰ মাজলৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ। একেবাৰে খাটিখোৱা লোকৰ মনত প্ৰোথিত দুখ-যন্ত্ৰণাৰে ভৰা জীৱনৰ কঠোৰতম পৰিস্থিতিৰ মাজতো এই শাৰদীয় উৎসৱে সকলো পাহৰাই যেন এচেৰেঙা সুখৰ ৰ’দৰ বতৰা কঢ়িয়াই আনিছে। প্ৰয়োজনীয় সামগ্ৰীৰ আকাশচুম্বী দামে সাধাৰণ জনতাক জ্বলা-কলা দেখুৱালেও কিন্তু বজাৰত মানুহৰ ভিৰ যথেষ্ট হৈছে। অৱশ্যে অনলাইন বজাৰখনে গ্ৰাহকৰ মন আকৃষ্ট কৰিব পাৰিছে। ভীষণ যান-জঁট, আহিনৰ দিনৰ ভাগত হোৱা গেলেপা-গেলেপ গৰমৰ বাবে বৃহৎ সংখ্যক গ্ৰাহকে ঘৰতে বহি মন প্ৰচণ্ডৰ বস্তু প্ৰয়োজনত কম দামতে ক্ৰয় কৰি পূজাৰ বজাৰ সামৰিছে। তাৰোপৰি অনলাইন বজাৰখনত যথেষ্ট অফাৰে গ্ৰাহকক আৰ্কষণ কৰিছে।

ৰাজনীতি, ক্ষমতা হস্তক্ষেপৰ যুঁজ, গাদী দখলৰ কু-কৌশল, চলাহী ফুলাজাৰিৰ ভাষণ আদি এই জটিল তথা সাধাৰণলোকৰ হিতৰ বিপৰীতে যোৱা কথাবোৰৰ বহু ঊৰ্দ্ধত দুৰ্গা পূজা। এই শাৰদীয় হেপাহৰ পূজা মানে কেৱল আনন্দ আৰু আনন্দ। তথাপি পূজাক কেৱল আনন্দৰ উৎসৱ হিচাপে পালন কৰিলেই নহ’ব। এই পূজাৰ যোগেদি সমাজৰ অন্যায়, দুৰ্নীতি, অপায়-অমঙ্গলবোৰক মষিমূৰ কৰি শান্তক পালি দুষ্টক বধি এখন সুন্দৰ সমাজ গঢ়াৰ সংকল্প লোৱা হয়।

আশা কৰিছে সমাজত মানুহৰ ওপৰত হোৱা মানুহৰ বৰ্বৰতা যেন এইবাৰ দুৰ্গা দেৱীৰ হাততেই নিঃশেষ হয়। দুৰ্গাদেৱীৰ কালিৰ মহাৰূপে যেন নাৰীৰ ওপৰত চলা অত্যাচাৰ, ধৰ্ষণ, উৎপীৰণ আদিৰ সৈতে জড়িত অপৰাধীয়ে মানুহৰ বিচাৰ কাঠগড়াত সাৰি গ’লেও যেন মা-দুৰ্গা আৰু মা-কালিৰ হাতত এই দুৰ্গোৎসৱতেই নিপাত যায়।

যোৱা ৯ আগষ্ট ২০২৪ ত কলকতা আৰ. জি. কৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত ধৰ্ষণ আৰু হত্যাৰ বলি হৈ অকাল মৃত্যুবৰণ হোৱা প্ৰশিক্ষণৰত চিকিৎসক মৌমিতা দেৱনাথ, হত্যাৰ বলিৰ সন্দেহ নাতৰাকৈ অকালত হেৰাই যোৱা অসমৰ সুদক্ষ মহিলা আৰক্ষী বিষয়া জোনমণি ৰাভা, পৃথিৱীজুৰি জোকাৰি যোৱা নিভয়া কাণ্ড আদি অলেখ নাৰীৰ ওপৰত হোৱা অত্যাচাৰ নাশ কৰিবলৈ, ৰোধিবলৈ এতিয়াও দুৰ্গাদেৱীৰ আৰু মা-কালিৰ দায়িত্ব অতীজৰ দৰেই আজিও ফ্ৰয়োজন। সেয়েহে দেশৰ আইন-কানুনৰ ঢুকি নোপোৱা, ৰাজনৈতিক ক্ষমতাবিহীন লোকে এতিয়াও মা-দুৰ্গা আৰু মা-কালিৰ ওপৰত নিৰ্ভৰ কৰে এই পাপীসকলৰ সুমতিৰ বাবে। এই শাৰদীয় পূজাতেই নিপাত যাওক মানুহৰ মনৰ অমঙ্গলীয়া চিন্তা, কামনা-বাসনা। জীগ্ৰত হওক সচা মানুহ।

Scroll to Top